অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰি এই সন্মিলনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। নামৰূপত চৰকাৰে ইউৰিয়া প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাক এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। সমাগত এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণ তথা ঝুমুইৰ বিনন্দীয়া অনুষ্ঠান সন্দৰ্ভত প্রধানমন্ত্ৰীৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰা বুলিও তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই সন্মিলন কেৱল অসমৰ ঔদ্যোগিক আৰু ব্যৱসায়ীক ক্ষেত্রই অৰ্জন কৰা সফলতাসমূহ প্রদর্শনতে সীমাৱদ্ধ নাথাকে, বৰঞ্চ ই দেশৰ বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠানসমূহক প্ৰচুৰ সম্ভাৱনাৰে পৰিপূৰ্ণ ৰাজ্যখনলৈ আদৰিবলৈ চৰকাৰে কৰি থকা প্ৰস্তুতিৰ আভাস দিব। ড০ শৰ্মাই আজিৰ দিনটোতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। এই বৈঠকতে কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছাম সন্মিলনৰ সামৰণি অধিৱেশনত অধ্যক্ষতা কৰিবলৈ সন্মতি প্ৰদান কৰে। ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতেও এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই বৈঠক অতি ফলপ্রসূ হোৱা বুলি প্ৰকাশ কৰি কয়, যে এডভান্টেজ আছামৰ এখন বৈঠকত অধ্যক্ষতা কৰিব। আই ৱেইজ ইন বিকশিত আছাম শীর্ষক এই বৈঠকে যোগাযোগ আৰু প্ৰযুক্তি উদ্যোগৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি ৰাজ্যত আই ৱেইজ নিৰ্মাণৰ ক্ষেত্ৰত অসমক নিৰ্দিষ্ট কৌশল প্ৰণয়ন কৰাত সহায় কৰিব বুলি ড০ শৰ্মাই আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ সৈতেও এডভান্টেজ আছাম সন্দৰ্ভত আলোচনাত মিলিত হৈ হাইড্ৰ’কাৰ্বন আৰু অসমৰ শক্তি সম্ভাৱনাৰ দিশটোৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে।
ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এডভান্টেজ আছাম হ’বলগীয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ সবিশেষ বুজ লয়। তেওঁৰ সৈতে ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানৱেন্দ্ৰ প্রতাপ সিং, লোকনির্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Site Admin | February 3, 2025 6:51 PM | CM-PM
এডভাণ্টেজ আছাম সন্দৰ্ভত প্রধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আলোচনা
