এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দিহা-পৰামৰ্শৰ আহ্বান

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বিধেয়কখনে কেৱল কৃষক আৰু শ্ৰমিকসকলকে যে উপকৃত কৰিব এনে নহয়, বৰং গাঁওসমূহৰ সকলো দিশৰ উন্নয়নকে ই সংযুক্ত কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত চৌধুৰী চৰনসিং সন্মান ২০২৫- অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শৰ আহ্বান কৰিছে। এই আঁচনি ফলপ্রসূ কৰি তুলিবলৈ কৃষক, বিশেষজ্ঞ আৰু কৃষি বিজ্ঞানীসকলক একগোট কৰি অনুষ্ঠিত কৰা চিন্তন শিবিৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।