ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্যঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত ছহিদসকলৰ প্রতি শ্রদ্ধার্ঘ্য নিবেদন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সেনা বাহিনী আৰু আৰক্ষী বাহিনীৰ মঞ্চ ভিন ভিন হ’ব পাৰে, কিন্তু তেওঁলোকৰ মিছন এটাই আৰু সেয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা। তেওঁ কয়, যে সেনা বাহিনীয়ে দেশক সুৰক্ষিত কৰে আৰু আৰক্ষীয়ে সমাজক সুৰক্ষিত কৰে। সেনা বাহিনীয়ে ভৌগোলিক অখণ্ডতা নিশ্চিত কৰাৰ বিপৰীতে আৰক্ষীয়ে দেশৰ সামাজিক সংহতি সুৰক্ষিত কৰে বুলি শ্রী সিঙে মন্তব্য কৰে। তেওঁ কয়, যে বর্তমান সময়ত আৰক্ষীয়ে সমাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে ধাৰণাৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হয়। তেওঁ সশস্ত্র বাহিনী আৰু আৰক্ষী বাহিনীসমূহক ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্তম্ভ বুলি অভিহিত কৰে।

শ্রী সিঙে কয়, যে সমাজত নতুন নতুন অপৰাধ, সন্ত্রাসবাদ আৰু আদর্শবাদৰ যুঁজৰ সূচনা হৈছে। তেওঁ কয়, যে অপৰাধ অধিক সংগঠিত, ধূসৰ আৰু জটিল হৈ উঠিছে আৰু দেশৰ সুস্থিৰতা আৰু আস্থা নাইকীয়া কৰি সমাজৰ অশান্তি সৃষ্টি কৰাই ইয়াৰ মূল উদ্দেশ্য। অপৰাধ ৰোধ কৰাৰ আনুষ্ঠানিক দায়িত্ব পালনৰ লগতে সমাজত আস্থা বৰ্তাই ৰখাৰ নৈতিক দায়িত্বও পালন কৰাৰ বাবে শ্রী সিঙে আৰক্ষী বাহিনীক ভূয়সী প্রশংসা কৰে। তেওঁ কয়, যে আৰক্ষী, চি আৰ পি এফ, বি এছ এফ আৰু স্থানীয় প্রশাসনৰ সম্মিলিত প্ৰচেষ্টাৰ বাবেই বাওঁপন্থী উগ্রবাদ প্রভাবিত এলেকাসমূহত সমস্যা অধিক গুৰুতৰ হ’ব পৰা নাই আৰু সেই অঞ্চলৰ জনসাধাৰণে স্বস্তিৰ সকাহ লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে অহা বছৰ মাৰ্চৰ ভিতৰত বাওঁপন্থী উগ্রবাদৰ সমস্যাৰ অৱসান ঘটিব বুলি আস্থা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এইবছৰ কেইবাগৰাকীও শীর্ষ নক্সালবাদী নেতাক নিধন কৰা হৈছে আৰু বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত জিলাৰ সংখ্যা চকুত লগা ধৰণে হ্রাস পাইছে। এসময়ত বাওঁপন্থী উগ্রবাদৰ বাবে বেয়াকৈ ক্ষতিগ্রস্ত এলেকাসমূহো সম্প্রতি বিকাশৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক তপন ডেকাই কয়, যে যোৱা বছৰ কৰ্তব্য সম্পাদনৰ সময়ত ১৯১ গৰাকী আৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। তেওঁ কয়, যে স্বাধীনতা লাভৰে পৰা কৰ্তব্য সম্পাদনৰ খাতিৰত মুঠ ৩৬ হাজাৰ ৬৮৪ গৰাকী আৰক্ষী কৰ্মীয়ে চৰম বলিদান দিছে। অনুষ্ঠানত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী বণ্ডি সঞ্জয় কুমাৰ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰব্বীসকলো উপস্থিত থাকে। এই উপলক্ষে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীয়ে যৌথ কুছ-কাৱাজৰো আয়োজন কৰে।