মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ’ব। বিশেষ তদন্ত গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদমাধ্যমৰ আগত কয় যে সম্প্ৰতি তদন্ত প্রক্রিয়া সঠিক দিশত আগবাঢ়ি আছে। এই পর্যন্ত ৯০ জনতকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেঁও প্ৰকাশ কৰিছে। বিষয়টোৰ তদন্তৰ বাবে আৰু ভালেসংখ্যক লোকৰ মতামত লোৱা হ’ব বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে। তদন্তত কি আছে নাজানো বুলি মন্তব্য কৰি তদন্ত প্ৰক্ৰিয়া অতি সোনকালে শেষ কৰা হব বুলি তেওঁ সদৰি কৰিছে। ইপিনে আজি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কাচমাৰী ঘাটত শিল্পী জুবিন গাৰ্গৰ চিতাভষ্ম বিসর্জন দিয়া হয়। চিতাভষ্ম বিসৰ্জনৰ সময়ত শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ যথেষ্ট আবেগিক হৈ পৰে। যোৰহাটতো আজি অৰুণ গাৰ্গে জুবিন গাৰ্গৰ চিতাভষ্ম বিসর্জন দিয়ে। এছ ডি আৰ এফে চিতাভষ্ম দিয়া কাৰ্য তদাৰক কৰে। উল্লেখযোগ্য যে তদন্তৰ অংশ হিচাপে আজি গুৱাহাটীৰ উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত মঙলদৈ ৰঙালী বিহু সন্মিলন, লখিমপুৰৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনকে ধৰি ৪ খন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াই তদন্তকাৰী গোটক সাক্ষ্য প্ৰদান কৰে।
যোৱা নিশা জুবিনক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ শ্রদ্ধা নিবেদন কৰাৰ লগতে পৰহিলৈ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গৰ নহয়, এয়া অসমবাসীৰ সপোন। জুবিন গাৰ্গৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিছো বুলি তেওঁ উল্লেখ কৰে।
Site Admin | October 29, 2025 8:12 PM | Zubin - SIT
এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ : মুখ্যমন্ত্রী
 
		