ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন

 

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণিধৰ ব্ৰহ্মসহ অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইপিনে, জিলা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কৃষি মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ সচিব অমৰজ্যোতি বৰ্মনে কৃষকসকলৰ বাবে অনুষ্ঠিত কৃষি পৰামৰ্শ সন্মিলন মুকলি কৰে। জিলা কৃষি বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে উদ্দেশ্য বাখ্যা কৰা এই অনুষ্ঠানত কৃষি, মীন, ৰেচম, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সৈতে জড়িত শতাধিক কৃষকে অংশগ্ৰহণ কৰে। এই মেলাত মুঠ ১২ খন বিপনী দিয়া হৈছে। একেটা অনুষ্ঠানতে বিটিচিৰ কৃষি বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন, কৃষি বিভাগৰ সঞ্চালক ফণীধৰ ব্ৰহ্ম, চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চন্দন ডেকা, বিজনী মহকুমা কৃষি বিষয়া, উপানন্দ পাটোৱাৰীসহ বহুকেইজন অভিজ্ঞ কৃষক উপস্থিত থাকে আৰু ইয়াত অংশগ্ৰহণ কৰা কৃষকসকলক পৰামৰ্শ আগবঢ়ায়।