এছিয়া মিক্সড টীম বেডমিণ্টনত মাকাউৰ বিৰুদ্ধে ভাৰতৰ ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ

ভাৰতে চীনৰ চিংড়াওত অনুষ্ঠিত এছিয়া মিক্সড টীম বেডমিণ্টন প্রতিযোগিতাত মাকাউৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰীয়াথে মিক্স ডাৱলছৰ প্ৰথমখন খেলত ইয়ক ছং লিয়ং আৰু ৱেং চি এন জিক ২১-১০, ২১-৯ গেমত পৰাস্ত কৰে। ইয়াৰ পাছত লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খেলত চীনৰ পেং ফোং পুইক ২১-১৬, ২১–১২ গেমত পৰাভূত কৰে। মহিলাৰ ছিংগলছত মালবিকা বনছোড়ে হাঅ’ৱাই চানৰ বিৰুদ্ধে ২১-১৫, ২১-৯ গেমত জয়লাভ কৰি অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। পুৰুষৰ ডাৱলছত এম আৰ অৰ্জুন আৰু চিৰাগ ছেত্ৰীয়ে চীন প’ন পুই আৰু ক’ক ৱেন ৱোঙৰ যুটিটোক ২১-১৫, ২১-১৯ গেমত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাৱলছত ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ এন জি ৱেং চি আৰু পুই চি ৱাৰ যুটিটোৰ বিৰুদ্ধে ২১-১০, ২১- ৫ গেমত জয়লাভ কৰে। এই জয়ৰ সুবাদত ভাৰতে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত গ্ৰুপ পৰ্যায়ৰ পৰবৰ্তী খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলেৰে গ্ৰুপৰ বিজয় দল কোন হ’ব সেয়া নিশ্চিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।