November 26, 2025 12:16 PM | Asian Cup Football

printer

এছিয়া কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী ফুটবল খেলত ভাৰত, ছাইনীজ টাইপেইৰ সন্মুখীন

এ এফ চি অনুর্ধ ১৭ বছৰ এছিয়ান কাপ ২০২৬ৰ যোগ্যতা নির্ণয়কাৰী এখন খেলত আজি ভাৰত ছাইনীজ টাইপেইৰ সন্মুখীন হ’ব। গ্ৰুপ-ডিৰ খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদত খেলোৱা হ’ব। গুজৰাট ৰাজ্যিক ফুটবল সন্থাই অনুৰাগীসকলৰ বাবে খেলখনৰ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰি সকলোকে ভাৰতীয় দলটোক উৎসাহিত কৰিবলৈ ষ্টেডিয়ামলৈ আহিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, গ্রুপ-ডিৰ পইণ্ট তালিকা ভাৰত সম্প্ৰতি চতুৰ্থ আৰু ছাইনীজ টাইপেই পঞ্চম স্থানত আছে। প্ৰতিটো গ্ৰুপৰ বিজয়ীসকলেহে অহা বৰ্ষত ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া মূল প্রতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।