ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 7, 2025 11:39 AM | Asia Cup Hockey

printer

এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ভাৰতে কালি ছুপাৰ ফ’ৰ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত চীনক ৭-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰত ছুপাৰ ফ’ৰ পৰ্যায়ৰ পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে। দক্ষিণ কোৰিয়াই মালেয়েছিয়াক ৪-৩ গলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, প্রতিযোগিতাত পঞ্চমৰ পৰা অষ্টম স্থান নিশ্চিতকৰণৰ বাবে হোৱা এখন খেলত কালি কাজাখস্তানে চীনা টাইপিক ৬-৪ গলত পৰাস্ত কৰে।