এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত কালি আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ বিৰ এখন শ্বাসৰুদ্ধকৰ খেলত বাংলাদেশে আফগানিস্তানক ৮ ৰানত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰহমান ওল্লাহ সৰ্বাধিক ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ হৈ মুস্তাফিৰ ৰহমানে ৩টা আৰু নাছুম আহমেদ, তাস্কিন আহমেদ আৰু ৰিছাদ হুছেইনে দুটাকৈ উইকেট লাভ কৰে। নাছুম আহমেদক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।
ইয়াৰ পূৰ্বে বাংলাদেশে উছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিয়মত ১৫৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ তনজিত হাছান তামিমে ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। আফগানিস্তানৰ হৈ ৰশ্বিদ খান আৰু নুৰ আহমেদে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আজমতুল্লাহ ওমৰজাইয়ে এটা উইকেট লাভ কৰে। প্রতিযোগিতাত আজি গ্রুপ এৰ এখন খেলত পাকিস্তান সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া খেলখন নিশা ৮ বজাত আৰম্ভ হ’ব।
Site Admin | September 17, 2025 12:33 PM | Asia Cup Cricket
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত আজি পাকিস্তান, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব
