এছিয়ান অ’পেন পিকলবল প্রতিযোগিতাত ভাৰতত ৫ টা পদক অৰ্জন

ভিয়েটনামত অনুষ্ঠিত এছিয়ান অ’পেন পিকলবল প্রতিযোগিতাত ভাৰতে কালি তিনিটা সোণৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। মিক্সড ডাবলছৰ শিতানত শচীন পাহৱা আৰু প্ৰিয়ংকা চাব্ৰাই, ৰুবেন হেলবার্গ আৰু চিটলাদা হেমাছীক ১১-৯, ৫-১১, ১১-৯ ফলাফলত পৰাস্ত কৰি ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে। মহিলাৰ ডাবলচ অপেন শাখাত ইছা লখানী আৰু পেই চুৱান কাওৰ যুটিটোৱে ডাং কিম ঙান আৰু ট্যাক কেৰ বিৰুদ্ধে ১৫-৭, ১৫-৩ ফলাফলত সহজে পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। পুৰুষৰ ডাবলছত ভাৰতৰ অনিকেত পেটেল আৰু ৰোহিত পাটিলে উদ্বোধনী খেলত পৰাস্ত হোৱাৰ পিছতো ফাইনেলত নিক এলেছাণ্ড্ৰ’ ইছাগান আৰু লেষ্টাৰ গাক ৫-১১, ১১-৬, ১১-৮ ফলাফলত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।