প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে। দেশৰ দ্ৰুত অর্থনৈতিক সম্প্ৰসাৰণ সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, যে ভাৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধ পৰিকৰ আৰু দেশখন অনাগত সময়ত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হ’ব। বিগত ৭৫ বছৰত সংবিধানৰ গৌৰৱময় যাত্ৰাৰ ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এই যাত্ৰা দেশৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয়। ভাৰতীয় গণতন্ত্ৰ সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণা বুলি অভিহিত কৰি শ্ৰী মোদীয়ে সংবিধান প্ৰণেতাসকলৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁ লগতে সংবিধান প্রণয়নৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ বিষয়েও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, যে চৰকাৰে মহিলাৰ নেতৃত্বত বিকাশ দৃষ্টিভংগীৰে কাম কৰি আছে আৰু যোৱা বছৰ সংসদে নাৰী শক্তি বন্দনা অধিনিয়ম গৃহীত কৰিছে। কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে দলটোৱে সংবিধানক আঘাত হনাৰ বাবে চেষ্টাৰ অকণো শ্ৰুতি কৰা নাই আৰু এটা পৰিয়ালে দেশক ৫৫ বছৰ ধৰি শাসন কৰিলে। তেওঁ কয়, যে সংবিধান প্ৰণয়নৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে কংগ্ৰেছে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু সাংবিধানিক অধিকাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কংগ্ৰেছৰ শাসনকালৰ ছটা দশকত ৭৫ বাৰকৈ সংবিধানত সাল-সলনি কৰা হৈছিল বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি অৱহেলা কৰি ন্যায় পালিকাৰ ক্ষমতা কম কৰাৰ উদ্দেশ্যে সংবিধানত সাল-সলনি কৰিছিল। তেওঁ লগতে ধৰ্মৰ নামত সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, যে সংবিধান প্রণেতাসকলে মাৰাথন আলাপ-আলোচনাৰ অন্তত ধৰ্মভিত্তিক সংৰক্ষণৰ অৱধাৰণাৰ বিৰোধিতা কৰিছিল। ন্যায় পালিকাই ধর্মভিত্তিক সংৰক্ষণৰ বিৰুদ্ধে কেইবাবাৰো ৰায় দিয়া স্বত্বেও কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ বাবেই এই ব্যৱস্থা ৰূপায়ণ কৰাৰ বাৰে অটল হৈ আছে বুলি শ্ৰী মোদীয়ে অভিযোগ তোলে৷ ধৰ্ম আধাৰিত সংৰক্ষণ সংবিধানৰ ভাৱনাৰ পৰিপন্থী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দেশৰ ভৱিষ্যৎ গঢ়াৰ উদ্দেশ্যে সংসদত ১১টা প্ৰস্তাৱ দিয়ে। ইয়াৰে ভিতৰত সকলোৰে উন্নয়ন আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা অন্যতম।
Site Admin | December 15, 2024 11:26 AM | PM Modi Speech on One Nation One election
এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য