এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত কালি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি শ্ৰীসোণোৱালে এইদৰে কয়। তেওঁ গ্ৰন্থমেলা কিতাপৰ তীৰ্থস্থান বুলি উল্লেখ কৰি কয়, যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যত বৌদ্ধিক আন্দোলন শক্তিশালী কৰিছে। প্রযুক্তি নিৰ্ভৰ বৰ্তমান যুগত সফলতা অৰ্জনৰ বাবে অধ্যয়নৰ বিকল্প নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱপ্ৰজন্মক পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।
যোৱা ২৪ ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ কালি দশম দিনাও গ্রন্থপ্ৰেমীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্ৰকাশ কৰা অনুসৰি গ্ৰন্থমেলাত কালি পর্যন্ত ৫ কোটি ২০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে।
গ্রন্থমেলাত আজি দিনৰ ১১ বজাত মহিলাসকলৰ ভিন্নসুৰী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিয়লি ৩ বজাত কবি অপৰাজিতা পূজাৰীৰ সঞ্চালনাত হ’বলগীয়া বহুভাষিক কবি সন্মিলনত হায়দাবাদৰ বিশিষ্ট কবি ৰমেশ কার্তিক আৰু উত্তৰ প্ৰদেশৰ জনপ্ৰিয় কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।