December 2, 2025 9:36 PM | Rajiv Ranjan

printer

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিব বুলি কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী মৎস্য সম্পাদা যোজনাৰ অধীনত মীন খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে। কিন্তু পশ্চিমবংগ চৰকাৰে কেন্দ্ৰই যোগান ধৰা এই আঁচনিৰ অধীনৰ ধন মীন খণ্ডত খৰচ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত প্ৰস্তাৱিত ২২১ কোটি টকাৰ ১১৪ কোটি টকা ইতিমধ্যে কেন্দ্রীয় চৰকাৰে মুকলি কৰি দিছে যদিও পশ্চিমবংগ চৰকাৰে মাত্ৰ ৫৮ কোটি ধনহে এই খণ্ডৰ উন্নয়নত খৰচ কৰিছে। মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে লগতে কয়, যে যিকোনো এখন আঁচনিৰ সফলতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ ।