ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2025 8:24 PM | Express Inaugurate

printer

এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্তেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক’লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া ২০৫০৭ আৰু ২০৫০৮ নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ দুহেজাৰ ৫১০ কিলোমিটাৰ দূৰত্ব ৪৩ ঘণ্টা ২৫ মিনিটত সম্পূর্ণ কৰিব। নিয়মীয়া যাত্ৰাত এই ৰে’লগাড়ীখন প্ৰতি শুকুৰবাৰে বিয়লি ৪ বাজি ৩০ মিনিটত চাইৰাঙৰ পৰা যাত্ৰা কৰি দেওবাৰে দিনৰ ১০ বাজি ৫০ মিনিটত আনন্দ বিহাৰ পাবগৈ আৰু ওভতনি যাত্ৰা দেওবাৰে সন্ধিয়া ৭ বাজি ৫০ মিনিটত যাত্ৰা কৰি মঙলবাৰে বিয়লি ৩ বাজি ১৫ মিনিটত চাইৰাং পাবহি। গুৱাহাটী আৰু চাইৰাঙৰ মাজত প্ৰৱৰ্তন কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ দৈনিক ৰে’লগাড়ীখনে সন্ধিয়া ৭ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি পিচদিনা পুৱা চাৰে ৮ বজাত চাইৰাং পাবগৈ। একেদৰে, চাইৰাঙৰ পৰাও সন্ধিয়া ৭ বজাত যাত্ৰা কৰি পিচদিনা পুৱা চাৰে ৮ বজাত গুৱাহাটী পাবহি। আনহাতে, ১৩১২৫ আৰু ১৩১২৬ নম্বৰৰ ত্ৰিসাপ্তাহিক ৰে’লগাড়ীখনে চাইৰাং আৰু ক’লকাতাৰ মাজৰ এহেজাৰ ৫১২ কিলোমিটাৰ দূৰত্ব ৩১ ঘণ্টাত সম্পূৰ্ণ কৰিব বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে।