গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ে ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ দিছে। সঞ্চালক মাখন ফুকনে কালি এই সন্দৰ্ভত আদালতক বিশদ পৰিকল্পনা দাখিল কৰে। সেই অনুসৰি শ্ৰীফুকনে জন প্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ নিষ্পত্তিৰ বাবে এখন দিনপঞ্জী প্ৰস্তুত কৰি ধাৰাবাহিক শুনানি গ্রহণ নিৰীক্ষণ আৰু ডেজিগনেটেড আদালতৰ বাবে বিশেষ লোক অধিবক্তা নিযুক্তিকে ধৰি ছটা প্ৰস্তাৱ দিয়া দিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱা আৰু অৰুণদেৱ চৌধুৰীৰ বিচাৰপীঠে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ সঞ্চালকালয়ক নির্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষকসকলকো সহায় কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে। উল্লেখযোগ্য যে অসমৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে ৭২টা নিষ্পত্তিহীন গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সৰ্বাধিক ২৫টা, চিবিআইৰ বিশেষ আদালতত ছটা, কামৰূপ মহানগৰ জিলাৰ এক নম্বৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত ৪টা গোচৰ ৰুজু হৈ আছে। এই গোচৰ সমূহ মীমাংসা নোহোৱাত উদ্বিগ্নতা প্ৰকাশ কৰা উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত দ্রুত নিষ্পত্তিৰ বাবে বিশদ পৰিকল্পনা দাখিল কৰিবলৈ প্ৰচিকিউচন সঞ্চালকক নির্দেশ দিছিল।
Site Admin | September 7, 2025 11:57 AM | Gauhati High Court
একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ৰ ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ
