ডাউনলোড
মোবাইল এপ

android apple
signal

August 26, 2025 8:25 PM | Ranjeet Kumar Dass

printer

একলব্য আদর্শ আৱাসিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বজালী জিলাৰ খাৰাধৰাত আজি জনজাতীয় লোকসকলৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে নির্মিত এখন একলব্য আদর্শ আৱাসিক বিদ্যালয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰে। বিদ্যালয়খন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ পঢ়াৰ লগতে থকা-খোৱা আদিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে সম্পূর্ণ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। জনজাতীয় সমাজৰ শিশুসকলৰ জীৱনৰ ৰূপান্তৰ সাধনৰ বাবে একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপন কৰিবলৈ লোৱা হৈছিল। এই অনুসৰি অসমত ১৪খন এনে আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। বজালী জিলাৰ খাৰধৰাত এই বিদ্যালয়খন ১৯ কোটি ১৯ লাখ টকা ব্যয়সাপেক্ষে স্থাপন কৰা হৈছে আৰু পৰৱৰ্ত্তী সময়ত প্রয়োজন সাপেক্ষে অধিক ধন ব্যয় কৰি সা-সুবিধা সংযোজন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় । প্ৰাৰম্ভিক অৱস্থাত বিদ্যালয়খনত ৪৮০ গৰাকী ছাত্ৰ-ছাত্ৰী থাকিব পৰাকৈ আৱাসিক সুবিধা ৰখা হৈছে। ইয়াৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবেও আৱাসৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম শিক্ষাবৰ্ষত মুঠ আসনৰ সংখ্যা ৬০জন আছিল যদিও বৰ্তমান ২৮জন ছাত্ৰ আৰু ২৪গৰাকী ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তি কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে বাছনি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীহে এই বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।