ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে বুলি প্রধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত কয়, যে একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে। বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাত সমগ্ৰ দেশ গৌৰৱান্বিত হোৱা বুলি তেওঁ উল্লেখ কৰে। ২০২৩ চনৰ আগষ্টত চন্দ্ৰযান-৩ৰ সফল অৱতৰণে দেশত এটা নতুন পৰিবেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে শিশুসকল বিজ্ঞান আৰু মহাকাশৰ প্ৰতি কৌতুহলী হৈ উঠাৰ লগতে তেওঁলোকে মহাকাশ বিজ্ঞানী হোৱাৰো লক্ষ্য লৈছে। প্রধানমন্ত্ৰীয়ে শিশুসকলৰ মাজত উদ্ভাৱনী প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে হাতত লোৱা ইন্সপায়াৰ মানক শীৰ্ষক অভিযানৰ বিষয়েও উল্লেখ কৰে। এই পদক্ষেপৰ অধীনত প্ৰত্যেকখন বিদ্যালয়ৰ পৰা পাঁচোটিকৈ শিশুক বাছনি কৰা হয়। এতিয়ালৈ কেইবালাখ শিশুৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অহা ২৩ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদ্যাপন কৰা হ’ব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে নমো এপৰ জৰিয়তে এই দিৱস উদযাপন সন্দৰ্ভত নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ শ্ৰোতাসকললৈ আহ্বান জনায়।