একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰিকৰণ আৰু প্ৰাদেশীকিকৃত কৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱন সমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। এই নীতি-নির্দেশনা অনুযায়ী একত্ৰিকৰণ আৰু স্থানান্তৰনৰ বাবে কোনো এখন বিদ্যালয় বন্ধ কৰি দিলে বিদ্যালয়খনৰ ভূমি বিদ্যালয় ব্যৱস্থাপনা সমিতি বা শিক্ষা বিভাগে ত্যাগ কৰা বুলি গণ্য কৰা হ’ব। জিলা আয়ুক্তই এনে ভূমি কোনো চৰকাৰী বিভাগ বা সংস্থাক আৱণ্টন দিব পাৰিব। এনে ভূমি কোনো বেচৰকাৰী সংস্থা বা ব্যক্তিগত প্রতিষ্ঠানক আৱণ্টনৰ প্ৰস্তাৱ দিবলগীয়া হ’লে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আগতীয়া অনুমোদন বাধ্যতামূলক হ’ব। প্ৰতিখন জিলাতে একত্ৰিকৰণৰ পাছৰে পৰা অব্যৱহৃত হৈ থকা বিদ্যালয়ৰ ভূমিসমূহৰ তদাৰক কৰাৰ বাবে এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হ’ব। জিলা আয়ুক্ত এই সমিতিৰ অধ্যক্ষ আৰু বিদ্যালয় পৰিদৰ্শকসকল সদস্য সচিব হ’ব।