ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 6, 2025 5:59 PM | HMPV Virus

printer

এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি, কৰ্ণাটকত আক্ৰান্ত দুজন লোক চিনাক্ত

চীন দেশত হিউমেন মেটানিউম’ ভাইৰাছ অর্থাৎ‍ এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কৰ্ণাটকত এই ৰোগত আক্ৰান্ত দুজন লোক চিনাক্ত হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰীক্ষাত এই আক্রান্ত দুজনৰ বিষয়ে নিশ্চিত কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো দিশ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। জানিবলৈ পৰা মতে, এটি তিনিমহীয়া কন্যা শিশু আৰু এটি আঠমহীয়া ল’ৰাৰ দেহত এই ৰোগ ধৰা পৰে যদিও দুয়োটা শিশু সম্প্রতি সুস্থ হ’ব ধৰিছে আৰু এই শিশু কেইটি বা তেওঁলোকৰ পিতৃ-মাতৃৰ কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ তথ্য পোৱা হোৱা নাই। এটা বিবৃতি যোগে মন্ত্রালয়ে কয়, যে ভাৰতৰ উপৰি বিশ্বৰ অনান্য দেশত এই ৰোগৰ সংক্ৰমণ হৈছে আৰু আক্ৰান্তসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হৈছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰান্তত মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি চলাই থকা নিৰীক্ষণৰ সময়তে এই ৰোগী দুজন চিনাক্ত হয়। চীন দেশত এই ৰোগৰ আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাও পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।