ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শক গৰাকীক সাক্ষাৎ কৰি একাংশ দল- সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয়, যে এনেধৰণৰ কোনো আতিশয্যৰ ঘটনা সন্দৰ্ভত তেওঁ অৱগত নহয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।