উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ পাছত উচ্ছেদিত অঞ্চলসমূহত নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি দুয়োখন চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপণ কৰা হ’ব। এই কার্যসূচীত অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনকে ধৰি স্থানীয় বিধায়ক আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কালি এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰাৰ লগতে উচ্ছেদিত অঞ্চলত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো বিভিন্ন মত আগবঢ়াইছে। স্থানীয় বিধায়কগৰাকীয়ে সৰু পথাৰত শেহতীয়াকৈ সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতিত তৃতীয় পক্ষ জড়িত থকাৰো অভিযোগ কৰিছে। ইপিনে, উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৭৩ টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিমহা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পর্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে যোৱা ২৯ জুলাইৰ পৰা উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলোৱা উচ্ছেদ অভিযানত প্ৰায় ১৩ হাজাৰ বিঘা বনাঞ্চল দখলমুক্ত কৰা হৈছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে-পাশে আন একাংশ অঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে।
একেদৰে, ডিব্ৰুগড় জিলা প্ৰশাসনে কালি পল্টন বজাৰৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ সমীপৰ চৰকাৰী মাটিত অবৈধভাৱে বাস কৰা বহু লোকক উচ্ছেদ কৰে৷
নগাঁও জিলা প্রশাসনেও ধিং ৰাজহ চক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ধিং ৰাজহ চক্ৰ বিষয়াই যোৱা ৫ আৰু ৮ জুলাইত দখলীকৃত ভূমি খালী কৰিবলৈ অঞ্চল দুটাৰ জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰিছিল। অহা ২৭ আগষ্টত এই অঞ্চলকেইটাত উচ্ছেদ অভিযান চলোৱা হ’ব।
বিশ্বনাথ জিলা প্রশাসনেও নিজ বাঘমাৰীৰ নামাপাৰা, প’লকটা আদি অঞ্চলৰ ৪৩৩ টা পৰিয়াললৈ উচ্ছেদ জাননী জাৰি কৰিছে। প্ৰশাসনে বাঘমাৰী মণ্ডলৰ জৰিয়তে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত চৰকাৰী ভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে।
Site Admin | August 23, 2025 2:05 PM | Tree Plant
উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলত নাগালেণ্ড আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ
