ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ অভিযান

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ চলোৱা হ’ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্রশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পর্যায়ত হ’বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ’ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰীবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্রশাসন সাজু হৈছে। গাঁওখনৰ ২০৫ টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাঘে সাত দিনৰ ভিতৰত ঠাইখন খালী কৰিবলৈ যোৱা ২৪ জুলাইত জাননী জাৰি কৰিছিল। ইপিনে, নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰা জাননী অনুসৰি হাতীচোং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ ৭২ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিচামতৰ ৬২ আৰু ৬৩ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে। একেদৰে যোৱা ৫ জুলাইত ধিং ৰাজহচক্ৰ বিষয়াই আলি টাঙনি মৌজাৰ বালিকতিয়া কিছামত ভূমিও সাদিনৰ ভিতৰত দখলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।