ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়াম ঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ’বলগীয়া ঠাইসমূহ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উৰিয়াম ঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ’বলগীয়া ঠাইসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হোৱাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্রকাশ কৰে। উৰিয়ামঘাট অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ একোটাকৈ পৰিয়ালে ২০০ৰ পৰা ৪০০ বিঘা মাটি দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, যে কাছাৰ, শ্রীভূমি, ধুবুৰী, বৰপেটা, হোজাই, নগাঁও, মৰিগাঁৱৰ উপৰি বিহাৰৰ পৰাও বিভিন্ন লোকে আহি উৰিয়ামঘাটত বসতি কৰিছে। ড০ শৰ্মাই বিদ্যাপুৰ অঞ্চলৰ দুই নম্বৰ মধুপুৰ গাঁৱত দখলকাৰীয়ে ৰোপণ কৰা বৃহৎ তামোলবাৰীও পৰিদৰ্শন কৰে।
বন বিভাগৰ জাননী অনুসৰি অহা ২৭ জুলাইৰ পৰা উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ’ব। উচ্ছেদ পাছত এই ভূমিৰ সদ্বব্যৱহাৰৰ বাবে চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।