ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰ পৰা হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি পাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ’বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ’ব।
মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্রশাসন সাজু হৈছে।
ইপিনে, নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে হাতীচোং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ ৭২ নম্বৰ চৰকাৰী গ্রেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিচামতৰ ৬২ আৰু ৬৩ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।