ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পৰহিলৈ পুৱাৰ পৰা হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে। অৱশ্যে একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছে।

ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ’বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ’ব।
মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্রশাসন সাজু হৈছে। গাঁওখনৰ ২০৫টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাগে ৭ দিনৰ ভিতৰত ঠাইখন খালী কৰিবলৈ যোৱা ২৪ জুলাইত জাননী জাৰি কৰিছিল ।
ইপিনে, নগাঁও জিলাৰ হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে হাতীচোং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ ৭২ নম্বৰ চৰকাৰী গ্রেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিচামতৰ ৬২ আৰু ৬৩ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে।
ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ অভিযানৰ ফলত উচ্ছেদিত লোকসকলে আন কিছু অঞ্চলত আশ্রয় লোৱা বুলি প্ৰশাসনে লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰত বিষয়টোৰ বিস্তৃতভাৱে পর্যালোচনা কৰে। উচ্ছেদিত লোকসকলৰ আন ঠাইত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক