ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা অভিযোগৰ স্পষ্টীকৰণ নগাঁও জিলা আয়ুক্তৰ

● নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত কেতবোৰ স্পষ্টীকৰণ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে কয়, যে যি সকল লোকৰ মাটিৰ কোনো বৈধ নথি পত্ৰ নাই অথবা চৰকাৰী ভূমিত বাস কৰি আছে সেইসকল লোকক চৰকাৰে এদিন উচ্ছেদ কৰি চৰকাৰী ভূমি দখলমুক্ত কৰিবই। এচাম লোকে বহু ঠাইত মাটি থকাৰ পাছতো চৰকাৰী মাটি দেখা পালে দখল কৰাৰ চেষ্টা চলায়। জিলা আয়ুক্তগৰাকীয়ে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সেইসকল লোকক সকীয়াই দিয়ে। আয়ুক্তগৰাকীয়ে জিলাখনৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত বা নাম কর্তনেৰে সংশোধনৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। একেখন সংবাদমেলতে জিলা আয়ুক্তগৰাকীক কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে উৎকোচ লোৱা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৰ্মচাৰীগৰাকীক তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰাৰ লগতে আৰক্ষী থানাত এটা গোচৰ তৰা বুলিও জানিবলৈ দিয়ে।