ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত

● অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হ’ব। কালি ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহ আৰু সীমা বিভাগৰ মন্ত্ৰী ৱাই পেটনৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ দলে বনাঞ্চলখনৰ উচ্ছেদিত ভূমি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে দলটোৱে উৰিয়ামঘাটৰ বিদ্যাপুৰ খেল-পথাৰত গছপুলি ৰোপন সন্দৰ্ভত এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ৰেংমা বনাঞ্চলখন অসম আৰু নাগালেণ্ডৰ বিবদমান অঞ্চল হোৱা হেতুকে বিষয়টো এতিয়াও ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত কোনো এখন ৰাজ্যই এই অঞ্চলত নিজাববীয়াকৈ কাম-কাজ কৰিব নোৱাৰে। দুয়োখন ৰাজ্যৰ মাজৰ সিদ্ধান্তমৰ্মেহে পৰৱৰ্তী সময়ত গছপুলি ৰোপণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অনুৰূপ মন্তব্য প্ৰদান কৰাৰ লগতে কয়, যে বনাঞ্চলখনত বনানীকৰণ কৰা হ’ব আৰু প্ৰয়োজন সাপেক্ষে উচ্ছেদৰ কামো চলি থাকিব।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৭৩ টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিমহা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পর্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে।
গোৱালপাৰা জিলা প্ৰশাসনে কালি মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী অঞ্চলত উচ্ছেদ অভিযান চলাই ১০৫ খন ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে।
নগাঁও জিলা প্রশাসনেও ধিং ৰাজহ চক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত ২৭ আগষ্টত উচ্ছেদ চলাব৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।