● গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহ, ৪০০ দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে আজিৰে পৰা দক্ষিণ নামবৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰীত উচ্ছেদ চলোৱা হ’ব। ইয়াৰ বাবেই যোৱানিশাই সেই স্থানলৈ এছকেভেটৰ সহ বন বিভাগ, অসম আৰক্ষী আৰু চি আৰ পি এফৰ দল ৰাওনা হৈছে। আজি পুৱা ৯.৩০ বজাৰ পৰা উচ্ছেদ অভিযান চলোৱা হ’ব। তেওঁ কয়, যে বন বিভাগে উচ্ছেদিত অঞ্চলটোত বন সংৰক্ষণ আৰু পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰক পৰিকল্পনা দাখিল কৰিছে। কালি পঞ্চম দিনা অঞ্চলটোৰ বিদ্যাপুৰ, দলনিপথাৰ, মধুপুৰ আৰু খেৰবাৰী গাওঁৰ দখলিকৃত ভূমি উচ্ছেদ কৰা হয়। শ্ৰীযাদৱে সংবাদমেলত প্ৰকাশ কৰা মতে, মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰী বিলত অহা ৮ আগষ্টত উচ্ছেদ অভিযান চলোৱা হ’ব। তেওঁ কয় যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২০৫টা পৰিয়ালক অঞ্চলটো খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ শুকুৰবাৰে উকলি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৬ আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ’ব আৰু ৮ আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ’ব বুলি তেওঁ কয়।
ইপিনে, বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ ননকে জাপৰিগুৰিৰ ৩০৭টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এই লোকসকলে চৰকাৰী গো-চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকাৰ অভিযোগত ১৫ দিনৰ ভিতৰত তেওঁলোকক আঁতৰি যাবলৈ জাননী দিয়া হৈছে। বিশ্বনাথ জিলা বিস্তীর্ণ অঞ্চল দখলকাৰীৰ কবলত আছে বুলি প্ৰশাসনৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। কেৱল বিশ্বনাথ ৰাজচক্রতে ৪৪ হাজাৰ বিঘা ভূমি দখল হৈ আছে বুলি জানিব পৰা গৈছে।