ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি অপবিত্ৰ তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে।