উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব বুলি  কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ’ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেঁও কয় যে প্রায় ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ২৮ শতাংশ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৮ বছৰ পূৰ্বে তেতিয়া এই কৰ প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়া মুঠ ৬৫ লাখ কোম্পানীয়ে জি এছ টি আদায় দিছিল আৰু আজি ই ডেৰ কোটিলৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ ব্যৱস্থাৰ ফলত এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা গঢ় লৈ উঠিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্ত মন্ত্রালয়ক জি এছ টি সন্দৰ্ভত বিশেষ পেকেজ দিয়াবলৈ উৎসাহিত কৰিছিল আৰু বিভিন্ন অংশীদাৰ তথা মন্ত্রীগোটৰ সৈতে আলোচনাৰ অন্তত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।