উমৰাংছ’ৰ কয়লা খনিৰন ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি

ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিন কিল’ কয়লাখনিৰ পৰা আজি দিনৰ ভাগত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনছুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গাওঁৰ ৫৭ বছৰীয়া খুশি মোহন ৰায় আৰু আনটো শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাতাচীপুৰৰ ৩৭ বছৰীয়া সুৰক্ষাকৰ্মী শৰৎ গয়াৰী বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহটো উমৰাংছ’ৰ সমীপৰ কালা মাটিৰ লাইজান মগৰ নামৰ এজন ২৬ বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছিল। এতিয়াও খনিটোৰ ধ্বসংস্তুপৰ মাজত আৱদ্ধ হৈ থকা আন ৫ টা মৃতদেহৰ সন্ধানত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ক’ল ইণ্ডিয়াৰ উদ্ধাৰকাৰী বাহিনী আৰু স্থানীয় সহায়কাৰী বাহিনীয়ে আজি ষষ্ঠ দিনাও উদ্ধাৰ অভিযান পূর্ণোদ্যমে চলাই আছে। ইপিনে, লোকসভাত বিৰোধী দলৰ উপ দলপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এই শোকাবহ ঘটনাৰ তদন্ত বিশেষ অনুসন্ধানকাৰী দলৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ অনুসন্ধানকাৰী দলক অবৈধভাৱে কয়লা খননৰ এই ঘটনা পুংখানুপুংখ ৰূপত তদন্ত কৰাৰ উপৰি ঘটনাৰ সৈতে জড়িত অন্যান্য কাৰকসমূহো চালি জাৰি চোৱাৰ বাবে আহ্বান জনায়। ডিমা হাচাও জিলা কংগ্ৰেছ কমিটিয়েও আজি উমৰাংছুত এই ঘটনাৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী পালন কৰে। শিৱসাগৰ জিলাতো আজি বিভিন্ন দল সংগঠনে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে উমৰাংছ’ত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে কাৰ্বি আংলং, তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত চলি থকা অবৈধ কয়লা খনন কাৰ্য বন্ধ কৰাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।