ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮ জনীয়া দলৰ লগতে নৌ সেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূর্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি পাইছে আৰু কেইবামিটাৰ দ পানীত আৱদ্ধ হৈ পৰা শ্রমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন ১৯৫৭ৰ অধীনত অৱহেলাজনিত কাৰণত প্রাণহানি হোৱাৰ অভিযোগত উমৰাংছ’ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এই গোচৰ অনুসৰি ইতিমধ্যে পুনিছ নুনিছা নামৰ এজন লোকক আটক কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায় তিন কিলো-ৰ কয়লাখনিত উপস্থিত হৈ উদ্ধাৰকাৰ্যৰ তদাৰক কৰিছে। ডিমা হাচাওৰ আন কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আন উচ্চপদস্থ অসামৰিক বিষয়াসকলেও ঘটনাস্থলীত বাহৰ পাতি পৰিস্থিতি নিৰীক্ষণ কৰিছে। আবদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলেও ঘটনাস্থলিত হৈ ভাল খবৰৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই কয়লাখনিত কয়লা আহৰণৰ কামত নিয়োজিত ২৭ জন শ্রমিক কালি পুৱা বাহিৰৰ পৰা হঠাৎ সোমাই অহা পানীত আৱদ্ধ হৈ পৰে। ইয়াৰে ১৮ জন শ্রমিক কোনোমতে বাহিৰলৈ ওলাই আহি প্ৰাণৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও আন ৯ জন শ্রমিক খনিৰ অভ্যন্তৰত আৱদ্ধ হৈ পৰে। উল্লেখযোগ্য যে ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত সৰু সৰু এন্দুৰৰ গাঁতসদৃশ গাঁত খান্দি খনিৰ আভ্যন্তৰণলৈ প্ৰৱেশ কৰি কয়লা আহৰণৰ অবৈধ খনন অব্যাহত আছে আৰু কেইবাগৰাকীও লোকে ৰাজ্যৰ বিভিন্ন খনিত ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে।