■ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক কেন্দ্ৰ কৰি বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কামকাজ আজি দিনৰ দুই বজা পর্যন্ত স্থগিত ৰখা হয়। বিৰোধী সাংসদসকলে এই বিষয়টোৰ সদনত আলোচনা হোৱাটো বিচাৰিছিল।
লোকসভাৰ কামকাজ দিনৰ ১১ বজাত আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ, ডি এম কে, টি এম চি আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। হুলস্থূলৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্রশ্নোত্তৰ কাল চলাই নিয়াৰ চেষ্টা কৰে। বিৰোধী সদস্যসকলে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কামকাজত ব্যাঘাত জন্মাইছে বুলি অধ্যক্ষ বিৰলাই অভিযোগ কৰে। তেওঁ কয়, যে প্ৰতিবাদকাৰী সাংসদসকলে প্ৰদৰ্শন কৰা আচৰণ সংসদীয় গনতন্ত্ৰৰ বাবে গ্রহণযোগ্য নহয়। এই হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত অধ্যক্ষই সদনৰ কামকাজ দিনৰ দুই বজালৈকে স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে সদনে সদ্য প্রয়াত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী শিবু চোৰেন, প্ৰাক্তন সাংসদদ্বয় তিলকধাৰী প্ৰসাদ সিং আৰু ৰাম ৰতি বিন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।
ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। সদনৰ কামকাজ দিনৰ ১১ বজাত আৰম্ভ হোৱাৰ সময়তে বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ আলোচনাৰ দাবী কৰে। বিৰোধী সাংসদসকলে সদনৰ ভিতৰত চি আই এছ এফৰ জোৱান নিয়োগক লৈয়ো প্রশ্ন উত্থাপন কৰে। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খার্গেয়ে কয়, যে তেওঁ বিৰোধী দলসমূহৰ হৈ উপ-সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ বিৰোধীৰ প্ৰতিবাদৰ সময়ত চি আই এছ এফৰ উপস্থিতিকলৈও প্ৰশ্ন কৰে। প্ৰত্যুত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে সদনৰ ভিতৰত কেৱল মাৰ্চালহে প্ৰৱেশ কৰিব পাৰিব বুলি ৰেকৰ্ডত স্পষ্টকৈ আছে। তেওঁ সদনক মিছা কথাৰে বিপথে পৰিচালিত কৰা বুলি খাৰ্গেৰ বিৰুদ্ধে অভিযোগ কৰে। উপ-সভাপতি হৰিবংশে সদনত অব্যাহত থকা অবাঞ্চনীয় পৰিৱেশ সন্দৰ্ভত কয়, যে একাংশ সাংসদে সম্পূৰ্ণ পৰিকল্পিতভাৱে সদনৰ কামকাজ বাধাগ্রস্ত কৰি আহিছে। বিৰোধীৰ প্ৰতিবাদ চলি থকাৰ পৰিপ্ৰেক্ষিতত উপসভাপতিযে ৰাজ্যসভা দিনৰ দুই বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।