■ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰী মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক এন ডি এৰ সাংসদসকলৰ সৈতে চিনাকি কৰি দিয়ে। তেওঁ কয়, যে শ্ৰী ৰাধাকৃষ্ণনে সংসৰ সদস্য আৰু ৰাজ্যপাল হিচাপে ৰাজহুৱা জীৱনত সফলভাৱে ৰাইজৰ সেৱা কৰি আহিছে।
বৈঠকৰ পাছত সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে উপ-ৰাষ্ট্ৰপতি হিচাপে শ্রী ৰাধাকৃষ্ণন যাতে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়, তাৰ বাবে প্রধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দল আৰু সাংসদক আহ্বান জনাইছে। তেওঁ কয়, যে শ্ৰী ৰাধাকৃষ্ণনে সকলো বিতৰ্কৰ পৰা আঁতৰত থাকি এটা সাধাৰণ জীৱন কটাইছে তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ’লে সমগ্র দেশবাসী আনন্দিত হ’ব বুলি মন্ত্ৰী ৰিজিজুৱে প্ৰকাশ কৰে।
Site Admin | August 19, 2025 2:12 PM | C. P. Radhakrishnan | narendra modi | PMO India | PMO Modi
উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান
