উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নির্বাচন আইন ১৯৫২ৰ অধীনত ১৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ কৰা হৈছে। ২৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কালি পৰীক্ষাৰ বাবে লোৱা হৈছে। ৯ ছেপ্তেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চি পি ৰাধাকৃষ্ণণক এন ডি এৰ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক ইণ্ডি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। বিগত মাহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ বাবে এই নিৰ্বাচনৰ আয়োজন কৰা হৈছে। এয়া হ’ব ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন।
Site Admin | August 23, 2025 1:16 PM | VP Election
উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল
