ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। শ্ৰী ধনখড়ে কালি স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিগৰাকীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰা জগদীপ ধনখড়ৰ সুস্বাস্থ্য কামনা কৰিছে। বিদায়ী উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে দেশৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি ভিন ভিন পদবীত কাৰ্যনিৰ্বাহ কৰা শ্ৰী ধনখড়ে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ভালেমান সুযোগ লাভ কৰিছে।
Site Admin | July 22, 2025 7:41 PM | VP-RESIGN
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতিৰ
