উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা হ’ব। ছিচেলছৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হাৰ্মিনিৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী এই ভ্রমণলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড০ হামিনীক ভাৰতৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্পর্ক পুনৰ সুদৃঢ় কৰিব। এই ভ্রমণে ছিচেলছৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।