উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত নির্বাচনী প্ৰচাৰ সভাতো অংশগ্রহণ কৰিব। আজি চিদলী বিধানসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলেও নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব । সমষ্টিটোত বি পি এফ প্রার্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ হৈ কালি সভাপতি হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও স্থান নির্বাচনী প্ৰচাৰ চলায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।