উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।