প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে’ল সংযোজনৰ ২৭২ কিলোমিটাৰ সম্পূৰ্ণ হোৱা ৰেলপথৰ অহা ১৯ এপ্ৰিলত কাশ্মীৰৰ পৰা কাট্ৰালৈ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কালি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে প্রধানমন্ত্রী শ্রীমোদী অহা ১৯ এপ্ৰিলত উধমপুৰত উপস্থিত হ’ব। তেওঁ বিশ্বৰ আটাইতকৈ উচ্চ স্থানত ৰে’ল দলঙৰ পৰিদৰ্শন কৰাৰ লগতে মুকলিও কৰিব। ইয়াৰ পাছতে তেওঁ পতাকা জোকাৰি কাট্ৰাৰ পৰা বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিব। এই ৰে’ল সেৱাই প্ৰথম অৱস্থাত কাট্ৰাৰ পৰা জম্মু ষ্টেচনলৈ যাত্ৰা সামৰি ল’ব।
জন্মৰ বহু প্রতিক্ষীত এই ৰে’ল প্ৰকল্প ১৯৯৭ চনত আৰম্ভ কৰা হৈছিল যদিও প্ৰতিকূল পৰিৱেশৰ বাবে প্ৰকল্পৰ কাম সম্পাদনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই প্রকল্পই ৩৮টা সুৰংগ, ৯২৭ খন দলং আৰু আইফেল টাৱাৰতকৈ উচ্চত অৱস্থিত এহেজাৰ ৩১৫ মিটাৰ দৈৰ্ঘ্যৰ চেনাব দলঙক সামৰি লৈছে।
ৰে’ল বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি এই ৰে’ল যাত্ৰাই জম্মু আৰু শ্ৰীনগৰক সামৰি লোৱাৰ লগতে অঞ্চলটোৰ যোগাযোগ উন্নত কৰিব।
Site Admin | March 31, 2025 11:34 AM | Bande Bharat Express
উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে’ল সংযোজনৰ ২৭২ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণ, ১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধন
