ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 19, 2024 7:08 PM | Rail Accident

printer

উত্তৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ গোণ্ডাত কালি হোৱা ৰে’ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত এজন লোকৰ আজি চিকিৎসালয়ত মৃত্যু ঘটে আৰু ৰে’ল পথৰ পৰা বাগৰি পৰা ডবাৰ পৰা অন্য এটা শৱদেহ উদ্ধাৰ হয়। অন্য দুজন আহতৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। ৰে’ল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি কালি বিয়লি ডিব্ৰুগড় অভিমুখী চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ ২১টা ডবা লাইনৰ পৰা বাগৰি পৰিছিল আৰু ৩০জন লোক আহত হৈছিল। লক্ষ্ণৌ-গুৱাহাটী মূল ৰে’লপথেৰে ৰে’ল চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে মেৰামতিৰ কাম পূর্ণ গতিত চলি আছে। ৰে’ল পথছোৱাৰে চলাচল কৰা কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰাপথ সলনি কৰা হৈছে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।