ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণাধীন

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা সংঘটিত অগ্নিকাণ্ডৰ পাছত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বৰ্হিৰোগ বিভাগৰ চিকিৎ‍সা সেৱাৰ কাম পুনৰ আৰম্ভ হৈছে। চিকিৎ‍সালয়খনৰ সঞ্চালক সংগীতা গুপ্তাই প্ৰকাশ কৰা অনুসৰি বৰ্হিৰোগ বিভাগৰ সকলো চিকিৎসকে বর্তমান ৰোগীক চোৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ দ্বিতীয় মহলাত যোৱা নিশা আকস্মিকভাৱে জুই লগাৰ পাছত সংকটজনক অৱস্থাত থকা ৰোগীসকলৰ উপৰি ২০০ৰো অধিক ৰোগীক বাহিৰলৈ উলিয়াই অনা হয়। লক্ষ্ণৌৰ সংবাদদাতাই প্ৰকাশ কৰা মতে বহু ৰোগীক বলৰামপুৰ চিকিৎ‍সালয় আৰু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জিলা প্ৰশাসনৰ বিষয়াসকলে আজি নিচেই পুৱাতে এই চিকিৎসালয় দুখন পৰিদৰ্শন কৰি ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰশাসনক প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি উত্তৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।