উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত ছেমিকণ্ডাক্টৰ গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমিকণ্ডাক্টৰ অৰ্থাৎ‍ অৰ্ধ পৰিবাহী গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই গোটটো ভাৰত ছেমিকণ্ডাক্টৰ অভিযানৰ অধীনত এইচ চি এল আৰু ফক্সকনে যুটীয়াভাৱে স্থাপন কৰিব। তেওঁ কয়, যে প্রতি মাহে ২০ হাজাৰ ৱেফাৰ নিৰ্মাণ কৰিব পৰাকৈ এই প্ৰকল্পটো বিকশাই তোলা হৈছে। প্ৰকল্পটোৰ ডিজাইন আউটপুট ক্ষমতা মাহিলী ৩ কোটি ৬০ লাখ ইউনিট বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰিছে । তেওঁ কয়, যে জেৱৰত স্থাপন কৰিবলগীয়া এই নতুন ছেমিকণ্ডাক্টৰ গোটটোৱে ৩ হাজাৰ ৭০০ কোটি টকাৰ বিনিযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব।
মন্ত্ৰীগৰাকীয়ে কয়, যে ৫টা প্ৰকল্প ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অন্তিম পৰ্যায়ত আছে আৰু এই ষষ্ঠ গোটৰ জৰিয়তে ভাৰত কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ছেমিকণ্ডাক্টৰ উদ্যোগ বিকশাই তোলাৰ যাত্ৰাত অগ্ৰসৰ হৈছে। তেওঁ কয়, যে ২৭০ খন শৈক্ষিক প্ৰতিষ্ঠান আৰু ৭০ টা ষ্টাৰ্ট আপৰ ছাত্ৰ-ছাত্ৰী তথা উদ্যমীয়ে নতুন সামগ্রী বিকশাই তোলাৰ উদ্দেশ্যে অর্থে বিশ্বমানৰ শেহতীয়া ডিজাইন প্রযুক্তিৰে কাম কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।