ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে’লৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰে’ল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ আৰু আহতক ২.৫০ লাখ আৰু সামান্যভাৱে আহতক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰ্ণ ঘোষণা কৰিছে। ৰে’ল মন্ত্ৰালয়ে দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। ইপিনে, ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়াক উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী আৰু যাত্ৰীৰ অভিভাৱকৰ সুবিধাৰ বাবে অসমৰ কেইবাটাও ৰে’ল ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। তিনিচুকীয়াৰ বাণিজ্যিক নিয়ন্ত্ৰণৰ বাবে ৯৯৫৭৫-৫৫৯৮৪, ফৰকাটিঙৰ বাবে ৯৯৫৭৫-৫৫৯৬৬, মৰিয়নীৰ বাবে ৬০০১৮-৮২৪১০, শিমলুগুৰিৰ বাবে ৮৭৮৯৫-৪৩৭৯৮, তিনিচুকীয়াৰ বাবে ৯৯৫৭৫-৫৫৯৫৯, ডিব্ৰুগড়ৰ বাবে ৯৯৫৭৫-৫৫৯৬০ নম্বৰ মুকলি কৰিছে।