ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

● উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ৰাজ্যত কেইবাদিনো ধৰি হৈ থকা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে। অঞ্চলটোত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত হোৱা ভূমিস্খলন, ঘৰ খহি পৰা আৰু ডুব যোৱাৰ ফলত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত অৰুণাচল প্ৰদেশত ৯ গৰাকী, মেঘালয়ত ৬ গৰাকী, অসম আৰু মিজোৰামত ৫ গৰাকীকৈ আৰু ত্ৰিপুৰা আৰু নাগালেণ্ডত এগৰাকীকৈ লোক নিহত হৈছে। বংগোপসাগৰত সৃষ্টি নিম্ন চাপৰ বাবে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত পথ যোগাযোগ ব্যাহত হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে জাৰি কৰা পৰামৰ্শ অনুসৰি পশ্চিমবংগ-বাংলাদেশৰ উপকূলভাগৰ সমীপৰ বংগোপসাগৰৰ উত্তৰ-পশ্চিম অংশত সৃষ্টি হোৱা এই গভীৰ নিম্ন চাপ উত্তৰৰ দিশে অগ্ৰসৰ হৈছে আৰু পশ্চিমবংগ তথা বাংলাদেশৰ উপকূলভাগ অতিক্ৰম কৰিছে। ইয়াৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱা বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে।
ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুই-তিনি দিনত দেশৰ পূব, পশ্চিম, মধ্য আৰু উত্তৰ-পূব অংশত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলী বতৰা দিছে। বিভাগটোৱে লগতে অসম, ছিকিম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ এলেকাসমূহত কাইলৈ পৰ্যন্ত বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে।