ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত

● এইবাৰ বাৰিষা কালত উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত অসমৰ ১৩ খন জিলা আছে। বতৰ বিজ্ঞান বিভাগে কোনো জিলাত স্বাভাৱিকতকৈ ৬০ পৰা ৯৯ শতাংশ কম বৰষুণ হ’লে ব্যাপক ঘাটি হোৱা জিলা বুলি গণ্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পহিলা জুনৰ পৰা ১৭ জুলাই সময়ছোৱাৰ বাবে জাৰি কৰা পৰিসংখ্যা অনুসৰি অসমৰ ১৩ খন জিলা বৰষুণৰ ব্যাপক ঘাটি হোৱা জিলাৰূপে পৰিগণিত হৈছে। ৰাজ্যৰ অন্য ১২ খন জিলাত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। অসমত এইবেলি বাৰিষা কালত ১৬ জুলাই পর্যন্ত স্বাভাৱিকতকৈ ৪০ শতাংশ কম বৰষুণ হৈছে। ৰাজ্যত এই সময়ছোৱাত সাধাৰণতে ৬৫৩.৩ মিলিমিটাৰ বৰষুণ হয় যদিও এইবাৰ ৩৯৪.৯ মিলিমিটাৰ বৰষুণ হৈছে। ৰাজ্যৰ জনসাধাৰণ বিশেষকৈ খেতিয়কসকল বৰষুণৰ অভাৱত অসুবিধাৰ সন্মুখীন হৈছে। খেতিয়কসকলে বৰষুণৰ অভাৱত সময়মতে ধান ৰুব পৰা নাই ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত কৃষি বিভাগৰ লগতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও বিজ্ঞানীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ বৰষুণৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱা জিলাসমূহৰ খতিয়ান লয়। তেওঁ লগতে প্ৰভাৱিত কৃষি খণ্ড, মুঠ গাঁও আৰু কৃষক পৰিয়ালৰ সংখ্যাৰ বিষয়েও বুজ লয়। বৈঠকত ড০ শৰ্মাই খেতিয়কসকলৰ সহায়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।