ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ-প্ৰতিভা সঁচাই অদ্ভুত বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষযে উল্লেখ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলো। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। শ্ৰীমোদীয়ে Crafted Fibbers অৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় ই মাথো এটা Brand নহয়, ই হৈছে চিকিমৰ পৰম্পৰা, বয়নৰ কলা আৰু আধুনিক সৌন্দৰ্যশৈলীৰ চিন্তা- এই তিনিওটাৰে সুন্দৰ সংগম। ইয়াক আৰম্ভ কৰিছিল ড০ চেৱাং মোৰবু ভূটিয়াই। তেখেত পশু চিকিৎসক আৰু চিকিমৰ সংস্কৃতিৰ Brand Ambassador। বয়নশিল্পক নতুন ৰূপ দিবলৈ তেখেতে সৃষ্টি কৰিলে Crafted Fibbers তেখেতে পৰম্পৰাগত বয়নৰ সৈতে আধুনিক ৰূপত সজাই এটি সামাজিক উদ্যোগৰ জন্ম দিলে। ইয়াত কেৱল বস্ত্ৰৰেই বয়ন নহয়, ইয়াত জীৱনৰো বয়ন হয়। তেখেতে স্থানীয় লোকক প্ৰশিক্ষণৰে দক্ষ কৰি আত্মনিৰ্ভৰ কৰি তুলিছে। আজি স্থানীয় মহিলা আৰু কাৰিকাৰ নিজৰ দক্ষতাৰে ভালকৈ ধন অৰ্জন কৰিছে। তেওঁলোকে চিকিমৰ ভেড়া আৰু শহাৰ ঊণেৰে শ্বল, মোজা আদি তৈয়াৰ কৰে আৰু ইয়াত কেৱল প্ৰাকৃতিক ৰঙহে ব্যৱহাৰ কৰে। ড০ ভূটিয়াৰ কাৰ্যই আমাক শিকায় পৰম্পৰাগত কাৰ্যও প্ৰাণ ঢালি কৰিলে জগতৰ বাবেই আকর্ষণীয় হৈ উঠে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।