ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কেন্দ্ৰৰ

■ উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কালি নতুন দিল্লীত বিষয়টো সন্দৰ্ভত আলোচনা কৰী শ্রী নাইডুৱে যোৰহাট-ডিব্ৰুগড় আৰু শিলচৰক আন কেইবাখনো চহৰৰ সৈতে সংযুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু অসমৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাৰ পাছত মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে চলিত বছৰতে শিলচৰৰ গ্ৰীণফিল্ড বিমান বন্দৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। কালিৰ আলোচনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ৰূপসী বিমান বন্দৰৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীক দিয়া প্রতিশ্রুতিও তেওঁ সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে।

ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় প্রতিবক্ষা মন্ত্রী বাজনাথ সিঙৰ সৈতেও গুরুত্বপূর্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত প্ৰতিৰক্ষা কৰিড’ৰ স্থাপনৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে আলোচনা কৰে।