ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্রী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১৫ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা দুটা আশ্রয় শিবিৰত ৪৬৪ জন লোকে আশ্ৰয় লৈ আছে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল বগীবিলৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানে কেইবাশ বিঘা কৃষিভূমি বুৰাই পেলাইছে। এতিয়াও অঞ্চলটোৰ কমেও ২৭ টা পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে।
বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে৷ বৰাক, লংগাইৰ আৰু কুছিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে। জিলা সদৰত ৯ টা সাহায্য শিবিৰ মুকলি কৰি সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে ।
ছিকিমৰ মাংগন জিলাত আজি এন ডি আৰ এফে হেলিকপ্তাৰেৰে বানত আবদ্ধ দুজন বিদেশী নাগৰিকসহ ৩৪ জন লোকক উদ্ধাৰ কৰে। প্ৰবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত ৰাজ্যখনত তিনিজন সেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে ছজন লোক সন্ধানহীন হৈ আছে। মিজোৰামৰ আজি চতুর্থ দিনাও শিক্ষানুষ্ঠানসমূহ প্রতিকুল পৰিস্থিতিৰ বাবে বন্ধ ৰখা হৈছে। ৰাজ্যখনৰ ২১১ টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ বিভিন্ন স্থানতো বান আৰু ভূমিস্খলনৰ ফলত সমস্যাৰ সৃষ্টি হৈছে।
নাগালেণ্ড আৰু মণিপুৰত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্য দুখনক সংযোগ কৰা ২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা ছিগি যোৱাৰ ফলত সেই পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈছে। এই পথছোৱাৰ দুয়োকাষে মালবাহী ট্রাককে ধৰি ভালেসংখ্যক যান-বাহন কেইবাদিনো ধৰি আবদ্ধ হৈ আছে।
মণিপুৰৰ পূব ইম্ফল, সেনাপতি আৰু পশ্চিম ইম্ফল জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন স্থান প্লাৱিত হৈ থকাৰ বাবে ৬৬ টা আশ্রয় শিবিৰত ১০ হাজাৰ ৮০০ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা আৰু গোমতি জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্রস্ত হৈছে। নাগালেণ্ডৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰষুণৰ আশংকা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড০ আৰ কে জেনামুনিয়ে পৰৱৰ্তী দুদিনত অঞ্চলটোত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে ।

অধিক পঢ়ক

সকলো চাওক