উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত অনুমোদন দিয়ে। সাংসদ দিলীপ শইকীয়া আৰু অন্য দুগৰাকী সাংসদে সোধা তৰাবিহীন প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে কালি লোকসভাত এই কথা সদৰি কৰে। উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বাবে ধাৰ্য কৰা মুঠ ধন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমজুমদাৰে কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্রী উন্নয়ন পদক্ষেপৰ অধীনত ৬,৬০০ কোটি, উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পথ শিতানৰ বাবদ ২,৭১৮ কোটি, উত্তৰ-পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অন্য শিতানৰ বাবে ৩,৭৯৬ কোটি, উত্তৰ- পূব উন্নয়ন পৰিষদৰ বিভিন্ন আঁচনিৰ বাবে ১৯৬৮ কোটি আৰু অসমৰ বাবে বিশেষ পেকেজৰ অধীনত ১২৫০ কোটি টকা আৱণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্রী উন্নয়ন পদক্ষেপৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৪ বছৰৰ বাবে ৬৬০০ কোটি টকাৰে কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক উত্থান প্রকল্পসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি শ্ৰীমজুমদাৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২২-২৩ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় আঁচনি হিচাপে আৰম্ভ কৰা এই আঁচনিৰ প্ৰথম পৰ্যায়ত ১৫০০ কোটি টকাৰ আৱণ্টনেৰে ৭টা প্ৰাৰম্ভিক প্রকল্প ৰূপায়ণ কৰা হৈছে। অসমৰ বাবে বিশেষ পেকেজৰ অধীনত ৰাজ্যখনত স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে বিভিন্ন প্রকল্প ৰূপায়ণ কৰা হৈছে। ইয়াৰে অংশ হিচাপে ২০০৩ আৰু ২০২০ চনত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অনুযায়ী বিটিচিৰ ৬৫টা প্ৰকল্পৰ বাবে ৭৪৯ কোটি ৮৫ লাখ টকা আৱণ্টন দিয়া হৈছে। একেদৰে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ বাবে আগবঢ়োৱা ২০০ কোটি টকাৰ পেকেজৰ অধীনৰ ১৪টা প্ৰকল্পৰ বাবে ১৯৫ কোটি টকা আৱণ্টন দিয়া হৈছে।
Site Admin | July 27, 2025 10:34 AM | Doner State Minister
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ অনুমোদন
